ডাউনলোড
মোবাইল এপ

android apple
signal

আমেৰিকালৈ পাকিস্তান, আফগানিস্তান, ৰাছিয়াকে ধৰি ৪৩খন দেশৰ নাগৰিকৰ যাত্ৰাত নিষেধাজ্ঞাৰ প্ৰস্তুতি ড’নাল্ড ট্রাম্প চৰকাৰৰ

ড’নাল্ড ট্রাম্প চৰকাৰে আমেৰিকালৈ পাকিস্তান, আফগানিস্তান আৰু ৰাছিয়াকে ধৰি ৪৩খন দেশৰ নাগৰিক যাত্ৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তুতি চলাইছে। নিৰাপত্তা বিষয়াসকলৰ পৰামৰ্শৰ ভিত্তিত ইতিমধ্যে এখন খচৰা তালিকা সাজু কৰি উলিওৱা হৈছে, য’ত দেশসমূহক ৰেড, অৰেঞ্জ আৰু য়েল্লো এই তিনিটা শাখাত বিভক্ত কৰা হৈছে। তালিকাৰ ৰেড শাখাত অন্তৰ্ভুক্ত হোৱা দেশৰ লোকসকলক আমেৰিকাত প্ৰৱেশৰ ক্ষেত্ৰত সম্পূর্ণ নিষেধাজ্ঞা আৰোপ কৰা হ’ব আৰু সেই লোকসকলৰ ভিছাও প্ৰত্যাহাৰ কৰা হ’ব পাৰে। আফগানিস্তান, ভূটান, কিউবা, ইৰান, লিবিয়া, উত্তৰ কোৰিয়া, ছোমালিয়া, ছুডান, ছিৰিয়া, ভেনিজুৱালা আৰু য়েমেনক এই তালিকাত ৰখা হৈছে। অৰেঞ্জ তালিকাত পাকিস্তান আৰু ৰাছিয়াৰ উপৰি ম্যানমাৰ, বেলাৰুছ, হাইটি, লাউচ, এৰিটিয়া, ছিৰিয়া লিয়ন, দক্ষিণ ছুদান, তুর্কমেনিস্তান আছে। আনহাতে য়েল্লো শাখাত অংগোলা, ভেনিন, কেমেৰুন, ডামিনিকা, মালি, গিনিয়া, জিম্বাব’ৱকে ধৰি ২২ খন দেশক অন্তৰ্ভুক্ত কৰা হৈছে। এই দেশ কেইখনৰ নাগৰিকে তেওঁলোকক বান্ধি দিয়া নির্দিষ্ট চৰ্তসমূহ পূৰণ কৰিব নোৱাৰিলে তেওঁলোকক অৰেঞ্জ বা ৰেড তালিকাতো অন্তৰ্ভুক্ত কৰা সম্ভাৱনা থকাৰ কথাও প্ৰকাশ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক