আন্তঃমন্ত্ৰ্যালয় পৰ্যায়ৰ এটা কেন্দ্ৰীয় দলে ত্ৰিপুৰাৰ চাৰিখন জিলাত বানৰ প্ৰকোপৰ মূল্যায়ন আৰম্ভ কৰিছে। কেন্দ্ৰীয় জল আয়োগৰ সঞ্চালক মহেশ কুমাৰৰ নেতৃত্বত দলটোৱে গোমতী জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। অতিৰিক্ত জিলা দণ্ডাধীশ বিনয় ভূষণ দাসে কয় যে, গোমতী জিলাত প্রায় এহেজাৰ ১০০ কোটি টকাৰ ক্ষয়ক্ষতি হৈছে। আগৰতলাত কালি উপস্থিত হোৱাৰ পাছতে কেন্দ্ৰীয় দলটোৱে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজহ সচিব ব্রিজেশ পাণ্ডেই ৰাজ্যখনৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহৰ সামগ্রিক দৃশ্যপট দাঙি ধৰে। ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি বানৰ ফলত ত্ৰিপুৰাত প্ৰায় ১৫ হাজাৰ কোটি টকাৰ সা-সম্পত্তি আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে।
Site Admin | August 29, 2024 8:46 PM | tripura flood central team