ইৰানৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে ভাৰত-ইৰানৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই দুখৰ সময়ছোৱাত ইৰানৰ সৈতে ভাৰত সমভাগী বুলি মন্তব্য কৰিছে।
বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰে হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰানৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত ড° জয়শংকৰে কয় যে দুৰ্ঘটনাৰ খবৰ পাই তেওঁ স্তম্ভিত হৈ পৰিছে। ড° জয়শংকৰে তেওঁলোকৰ সৈতে যোৱা জানুৱাৰী মাহত হোৱা সাক্ষাৎকাৰৰ কথা স্মৰণ কৰি কয় যে এই শোকাৱহ দুৰ্ঘটনাৰ সময়ত ভাৰত সদায় ইৰানৰ লগত আছে।