ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ ট্রেডিং কেলেংকাৰিৰ প্ৰধান অভিযুক্ত বিশাল ফুকনৰ কেচ ডায়েৰী ১৪ নৱেম্বৰত দাখিল কৰিবলৈ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক ন্যায়ালয়ৰ নির্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ অন্যতম ট্রেডিং কেলেংকাৰিৰ প্ৰধান অভিযুক্ত বিশাল ফুকনৰ জামিন আবেদনৰ ভিত্তিত গোচৰৰ কেচ ডায়েৰী অহা ১৪ নৱেম্বৰত দাখিল কৰিবলৈ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক নির্দেশ দিছে। বর্তমান কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ জিম্মাত থকা ফুকনে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। ইফালে, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই এই কেলেংকাৰিৰ গোচৰত অভিযুক্ত চুমি বৰাসহ আন ৩ জন অভিযুক্তক আজি চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱাৰ অন্তত আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

অধিক পঢ়ক

সকলো চাওক