নাহৰকটিয়াৰ কলিয়াপানী, ২ নম্বৰ বৰবামগাওঁ নিৱাসী আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ ফুটবলাৰ টছেন বৰাৰ আজি পুৱতি নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। ভাৰতীয় দলৰ হৈ খেলা ফুটবলাৰ গৰাকী ক্রীড়াপ্ৰেমী ৰাইজে অসমৰ মাৰাদনা হিচাপে অভিহিত কৰিছিল। আজি অসম অলিম্পিক সন্থাই এখন শোকসভাৰ আয়োজন কৰি ফুটবলাৰগৰাকীৰ বিয়োগত শ্রদ্ধা জ্ঞাপন কৰে। এই কার্যসূচীত কেন্দ্রীয় মন্ত্ৰী তথা সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালো উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে খেলুৱৈগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে, সন্তষ টুফীত ৭ বাৰ অসম দলক প্রতিনিধিত্ব কৰা বৰাই কেইবাখনো আন্তৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত ভাৰতীয় দলক প্রতিনিধিত্ব কৰিছিল। তেওঁ অসম পুলিচ আৰু অল ইণ্ডিয়া ফুটবল দলৰ প্রশিক্ষক হিচাপে সেৱা আগবঢ়াইছিল। তেওঁৰ মৃত্যুত অসমে এজন প্ৰতিষ্ঠিত খেলুৱৈ প্ৰশিক্ষক তথা ক্রীড়া সংগঠক হেৰুৱালে বুলি আজি অলিম্পিক সন্থাৰ সভাত প্ৰকাশ কৰা হয়। অনুষ্ঠানত কেইবাগৰাকী ক্রীড়াবিদ উপস্থিত থাকে। ইফালে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ফুটবলাৰগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত তেওঁ কয় যে, ভাৰতীয় ফুটবল দলক প্রতিনিধিত্ব কৰি অসমক গৌৰৱান্বিত কৰা ক্ৰীড়াবিদগৰাকীৰ বিয়োগ ৰাজ্যখনৰ বাবে অপূৰণীয় ক্ষতি। মুখ্যমন্ত্ৰীয়ে তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷
Site Admin | September 14, 2024 8:12 PM | toshen bora