বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ বিপৰীতে লোকসভাৰ কাম-কাজ কেইবাবাৰো স্থগিত ৰাখিবলগীয়া হয়।
কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত উচ্চ সদনৰ নেতা তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছ’ৰ’ছ সংস্থাৰ সৈতে কংগ্ৰেছৰ একাংশ নেতাৰ সম্পৰ্ক থকা বুলি উঠা অভিযোগ সম্পর্কে সদনত আলোচনা হ’ব লাগে বুলি দাবী জনায়। তেওঁ লগতে ৰাজ্য সভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি বিৰোধী পক্ষই জনসাধাৰণৰ মনোযোগ অন্য দিশে ঢাল খুওৱাৰ চেষ্টা চলাইছে বুলি অভিযোগ তোলে। উচ্চ সদনৰ উপ-সভাপতি হৰিবংশে প্ৰতিবাদৰত সদস্যসকলক নিজ নিজ আসন গ্রহণ কৰিবলৈ আৰু সদনৰ কাম-কাজ চলাই নিয়াত সহায় কৰিবলৈ আহ্বান জনায় যদিও তেওঁৰ চেষ্টা অথলে যায়। পাছত উপ-সভাপতিগৰাকীয়ে সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত উচ্চ সদন মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখড়ে বিভিন্ন বিষয় লৈ বিৰোধী পক্ষৰ সাংসদসকলে দাখিল কৰা সভাস্থগিতকৰণৰ জাননী প্রত্যাখ্যান কৰে। ইয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে দাখিল কৰা অনাস্থা প্ৰস্তাৱৰ জাননীৰ বাবে বিৰোধী পক্ষক তীব্ৰ গৰিহণা দিয়ে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সভাপতিয়ে সদনৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখে।
লোকসভাত পুৱাৰ ভাগত প্রশ্নকালৰ কাম-কাজ নিয়াৰিকৈ সম্পন্ন হয়। ইয়াৰ পাছতে শূন্যকালত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয় উত্থাপন কৰে। ইয়াৰ পাছতে শ্রী গোৱেলে একাংশ কংগ্ৰেছ নেতাৰ আমেৰিকাৰ জৰ্জ ছ’ৰ’ছ সংস্থাৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ তুলি তেওঁলোকৰ অভিপ্ৰায়ক লৈ প্ৰশ্ন উত্থাপন কৰে। সদন পৰিচালনাৰ দায়িত্বত থকা সভাপতিগৰাকীয়ে পৰিস্থিতি শান্ত কৰাৰ চেষ্টা চলায় যদিও তেওঁৰ প্ৰচেষ্টা অথলে যায়। পাছত সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পাছত সদন পুনৰ মিলিত হোৱাৰ সময়ত ৰে’লৱে সংশোধনী বিধেয়ক ২০২৪ গৃহীত কৰা হয়। আনহাতে দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ গৃহীত কৰাৰ ক্ষেত্ৰত বিবেচনাৰ বাবে গ্ৰহণ কৰা হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদস্যসকলক ব্যক্তিগত বাক-বিতণ্ডা পৰিহাৰ কৰি সদনত আলোচিত বিষয়টো সন্দৰ্ভত আলোচনা আগবঢ়াই নিবলৈ আহ্বান জনায় যদিও শাসক-বিৰোধী পক্ষৰ অভিযোগ-প্ৰতি-অভিযোগৰ পৰিপ্ৰেক্ষিতত সদনৰ কাম- কাজ প্রথমে বিয়লি ৪ বাজি ৪০ মিনিটলৈ আৰু পাছত পুনৰ ৫ বজালৈ স্থগিত ৰখা হয়। বিয়লি ৫ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত একে পৰিস্থিতি বাহাল থকাৰ বাবে অধ্যক্ষই লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ঘোষণা কৰে।