পেৰিছ অলিম্পিকত আজি ভাৰতীয় এথলীটসকলে মল্লযুদ্ধ, এথলেটিকছ আৰু গল্ফত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। মল্লযুদ্ধত অমন শ্বেৰাৱটে পুৰুষৰ ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত ব্ৰঞ্জৰ পদকৰ যুঁজত পুৱেৰ্টো ৰিকোৰ প্ৰতিদ্বন্দ্বীৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ৯ বাজি ৪৫ মিনিটত আৰম্ভ হ’ব। এথলেটিকছত ভাৰতৰ পুৰুষ আৰু মহিলা দলে ফ’ৰ ইনটু ফ’ৰ হাণ্ড্ৰেড মিটাৰ ৰিলে দৌৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । পুৰুষ দলটো দিনৰ ২ বাজি ৩৫ মিনিটত হিট টুত অৱতীৰ্ণ হোৱাৰ বিপৰীতে মহিলা ৰিলে দলটো দিনৰ ২ বাজি ১০ মিনিটত হিট টুৰ প্ৰথম ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে অদিতি অশোক আৰু দীক্ষা দাগৰে গল্ফৰ তৃতীয় ৰাউণ্ডত দেশত প্ৰতিনিধিত্ব কৰিব।
Site Admin | August 9, 2024 12:03 PM | today olympic match india players