আজি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস

♦ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হৈছে। বাক্সা জিলাৰ শালবাৰীত এই উপলক্ষে শালবাৰী জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত এলানি কাৰ্যসূচী পালন কৰা হয়৷ শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সভাপতি ডম্বৰুধৰ বসুমতাৰীয়ে পতাকা উত্তোলন কৰাৰ পাছতেই নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলাৰ সভাপতি উমেশ দৈমাৰীয়ে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন আৰু পুস্পাঞ্জলি অর্পন কৰে। অনুষ্ঠানত শালবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ, শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইপিনে, চিৰাং জিলাৰ ঢালিগাওঁস্থিত চিৰাং জিলা বড়ো সাহিত্য সভাৰ কাৰ্যালয় প্রাঙ্গনতো আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে বড়ো মাধ্যম দিৱস পালন কৰা হয়। জিলা বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ চিৰাং গোটৰ উদ্যোগত আয়োজিত দিনযোৰা কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ প্ৰয়াত সাহিত্যসেৱীসকলৰ স্মৃতিত স্মৃতিচাৰণ কৰা হয়। জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানতো বড়ো মাধ্যম দিৱস উদযাপন কৰা হয়। আনহাতে, কোকৰাঝাৰৰ চিম্বৰগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বড়ো সাহিত্য সভাৰ কোকৰাঝাৰ জিলা শাখাৰ উদ্যোগত বড়ো মাধ্যম দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হয় ৷
উল্লেখযোগ্য যে ১৯৬৩ চনত তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ শাসনকালত ১৮ মে’ৰ দিনটোত অসমৰ নিম্ন বুনিয়াদি বিদ্যালয়সমূহত বড়ো ভাষাত শিক্ষা প্ৰদান আৰম্ভ কৰা হৈছিল। সেয়েহে প্ৰতি বছৰে ১৮ মে’ৰ দিনটো বড়ো বিজৌং ছান অর্থাৎ বড়ো মাধ্যম দিৱস হিচাপে পালন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক