তৃণমূল কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছেঃ প্রধানমন্ত্ৰী

♦ প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তৃণমূল কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। তেওঁ লগতে সন্দেশখালীৰ অপৰাধীসকল জীৱনৰ বাকী কাল কাৰাগাৰত অতিবাহিত কৰিব লাগিব বুলি মন্তব্য কৰিছে। কোচবিহাৰৰ ৰাসলীলা ময়দানত কালি এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, একমাত্র বিজেপিহে মহিলাৰ বিৰুদ্ধে সংঘটিত আতিশায্য বন্ধ কৰিব পাৰে। শ্ৰীমোদীয়ে কয় যে, বৰ্তমানৰ পশ্চিম বংগ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণত বাধাৰ সৃষ্টি কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে অভিলেখ পৰিমাণৰ পুঁজি যোগান ধৰা সত্বেও কেইবাটাও প্ৰকল্পৰ কাম সময়মতে সম্পূৰ্ণ হোৱা নাই বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

কংগ্ৰেছ দলক সমালোচনা কৰি তেওঁ কয় যে, দলটোৱে দশক দশক ধৰি গৰিবী হটাওৰ শ্ল’গান দি আহিছে যদিও বিজেপিহে দেশৰ ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। দলৰ নিষ্ঠা আৰু সু-অভিপ্ৰায়ৰ বাবে এই ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাটো সম্ভৱ হৈ উঠিছে। শ্রীমোদীয়ে কালি কোচবিহাৰ আৰু আলিপুৰদুৱাৰৰ পৰা প্রতিদ্বন্দ্বিতা কৰা বিজেপি প্রার্থী নিশিথ প্রামাণিক আৰু মনোজ তিাৰ হকে প্ৰচাৰ চলায়। তৃণমূল কংগ্ৰেছৰ মুৰবৰী মমতা বেনাৰ্জীয়েও কালি কোচবিহাৰৰ মাথাভাংগাৰ এখন নির্বাচনী সভাত অংশগ্রহণ কৰে।

শ্ৰীমতী বেনাৰ্জীয়ে কয় , তেওঁ নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণ নকৰে। তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে জলপাইগুৰিৰ মাল বজাৰৰ এখন সভাতো ভাগ লয়। প্রধানমন্ত্রী মোদী দার্জিলিং আৰু জলপাইগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্রার্থীৰ হকে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে পৰহিলৈ পুনৰ পশ্চিম বংগলৈ আহিব।