August 8, 2024 7:12 PM | Tinsukia District

printer

তিনিচুকীয়াত আইন-শৃংখলা সম্পৰ্কীয় পর্যালোচনা বৈঠকত অংশগ্ৰহণ জি পি সিঙৰ

অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে কয় যে অসম আৰক্ষীয়ে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি পর্যালোচনা কৰি আছে। ইয়াৰ অংশ হিচাপে সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ লগতে সীমান্ত সুৰক্ষা বাহিনীও সক্ৰিয় হৈ থকা বুলি তেওঁ উল্লেখ কৰে। তদুপৰি বাংলাদেশৰ পৰা যাতে কোনো লোক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীয়ে দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ধুবুৰী, কাছাৰ, দক্ষিণ শালমাৰা মানকাচৰ আদি সীমান্তৱৰ্তী জিলাৰ আৰক্ষী অধীক্ষকসকলক অধিক সক্রিয় হ’বলৈ কোৱা হৈছে। আজি তিনিচুকীয়াৰ আৰক্ষী অতিথিশালাত এখন আইন-শৃংখলা সম্পৰ্কীয় পর্যালোচনা বৈঠকত উপস্থিত থকা আৰক্ষী সঞ্চালক প্ৰধান শ্রীসিঙে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। সেনা, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু তিনিচুকীয়া জিলাৰ সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে যিকোনো ধৰণৰ সম্ভাৱ্য কূটাঘাত ৰোধ কৰিবলৈ নিৰাপত্তাৰক্ষীসকলক সাজু হৈ থাকিবলৈ আহ্বান জনায়। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে আলফা স্বাধীনক অসমত প্ৰৱেশত বাধা প্রদান কৰিবলৈ নিৰাপত্তাৰক্ষী সাজু হৈ আছে। তেওঁ কয় যে আলফাই কূটাঘাত সংঘটিত কৰিলে অসম আৰক্ষী অধিক সক্ৰিয়তাৰে আলফা-বিৰোধী অভিযান চলাব। ইফালে, সঞ্চালক প্রধান শ্রীসিঙে যোৰহাটতো সমাগত স্বাধীনতা দিৱসৰ নিৰাপত্তা ব্যৱস্থাৰ বুজ লয়। তেওঁ জিলা আৰক্ষী অধীক্ষকৰ লগতে জিলাখনৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ সৈতে আইন-শৃংখলা, জনসাধাৰণৰ নিৰাপত্তা, অপৰাধ আদিৰ বিষয়ে পর্যালোচনা কৰে। তেওঁ কিদৰে জিলাখনত শান্তি-সম্প্ৰীতি ৰক্ষা কৰিব পাৰি সেই বিষয়ে পৰামৰ্শ আগবঢ়ায়।

অধিক পঢ়ক

সকলো চাওক