ডাউনলোড
মোবাইল এপ

android apple
signal

তিনিচুকীয়া-ডিব্ৰুগড়ত জলসম্পদ বিভাগৰ অধীনৰ কাম-কাজৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত জলসম্পদ বিভাগৰ অধীনত ৰূপায়ণ কৰা বহুকেইটা কাৰ্যসূচী পৰিদৰ্শন কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলাৰ ফেলাই গাঁৱত ব্ৰহ্মপুত্ৰৰ সোঁতে ছিঙি নিয়া মথাউৰিৰ পুনৰ নিৰ্মিত প্রায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিছোৱা পৰিদৰ্শন কৰে। তেওঁ লগতে জিলাখনৰ বৰগুড়ি তিনিআলিত নিৰ্মাণৰত জলসম্পদ বিভাগৰ তিনিচুকীয়া সংমণ্ডৰ কাৰ্যালয়ৰ কাম পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ লয়। শ্ৰী হাজৰিকাই শদিয়াৰ চপাখোৱাত কুণ্ডিল নৈৰ সমীপত জলাশয় নিৰ্মাণৰ বাবে চিহ্নিত ক্ষেত্ৰও পৰিদৰ্শন কৰে। বিধায়ক বলিন চেতিয়া, মৰাণ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণকে ধৰি জলসম্পদ বিভাগৰ কেইবাগৰাকী মুখ্য অভিযন্তাই আজি মন্ত্ৰীগৰাকীক সংগ দিয়ে। ইয়াৰ আগতে মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাত জলসম্পদ বিভাগৰ কাম-কাজ পর্যালোচনা কৰে। হাজৰিকাই পাছত সাংবাদিকক কয়, যে জিলাখনত বান আৰু খহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে ইতিমধ্যে বহুখিনি কাম সম্পূৰ্ণ কৰা হৈছে আৰু জলাশয় সৃষ্টি কৰি পানী সংৰক্ষণ কৰিব পাৰি নেকি এই বিষয়েও চিন্তা-চৰ্চা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক