অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ প্ৰতিবাদত মৰাণ ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলনে দিয়া ১২ ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধৰ আজি বিয়লি ৫ বজাত সামৰণি পৰে। তিনিচুকীয়া জিলাত এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰে যদিও ডিব্ৰুগড় জিলাত এই বন্ধৰ আহ্বানে আংশিক সঁহাৰিহে লাভ কৰে। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে, জিলা সদৰ তিনিচুকীয়া নগৰকে ধৰি জিলাখনৰ বিভিন্ন ঠাইত আজি বাহনৰ চলাচল কম হয় আৰু দোকান-বজাৰ বন্ধ হৈ পৰে। অৱশ্যে চৰকাৰী কাৰ্যালয়, বেংক আৰু জৰুৰীকালীন সেৱাসমূহ স্বাভাৱিকভাৱে চলি থাকে। তিনিচুকীয়া জিলা প্রশাসনে এই বন্ধৰ পৰিপ্ৰেক্ষিতত জিলাখনত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত অকৰ্তৃত্বশীলভাৱে বন্ধৰ আহ্বান জনোৱা, পথ অৱৰোধ কৰাকে ধৰি নাগৰিকৰ দৈনন্দিন কামত বাধা আৰোপ কৰা আদি সম্পূৰ্ণ নিষিদ্ধ কৰিছিল যদিও বন্ধৰ সমৰ্থকসকলে নিষেধাজ্ঞা অমান্য কৰি পথ অৱৰোধ কৰিবলৈ চেষ্টা চলায়। অৱশ্যে আৰক্ষী বাহিনীয়ে অৱৰোধকাৰীসকলক খেদি পঠিয়ায়।
Site Admin | November 11, 2024 6:48 PM | tinisukia dibrugarh band