ডাউনলোড
মোবাইল এপ

android apple
signal

February 24, 2025 12:59 PM | Tinishukia

printer

তিনিচুকীয়াত মটক জনগোষ্ঠী লোকসকলৰ কালিৰেপৰা নৰাছিঙা গৰখীয়া ভোজৰ আয়োজন

তিনিচুকীয়া জিলাৰ জানমুখত মটক জনগোষ্ঠী লোকসকলে কালিৰেপৰা নৰাছিঙা বিহু নাইবা নৰাছিঙা গৰখীয়া ভোজৰ আয়োজন কৰিছে। কৃষি ভিত্তিক এই উৎসৱ প্ৰধানকৈ গৰখীয়া সমাজখনক কেন্দ্ৰ কৰি পালন কৰা হয়। উজনি অসমৰ মটক জনগোষ্ঠী বসতিপ্রধান গাঁওসমূহত এই বিহু পালন কৰা হয় যদিও জানমুখত কেইবা শতিকা ধৰি এই বিহু পালন কৰা হয় আহিছে বুলি অঞ্চলটোৰ জনসাধাৰণে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক