ডাউনলোড
মোবাইল এপ

android apple
signal

থমাছ কাপ বেডমিণ্টন প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ভাৰতীয় পুৰুষ দল ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ১-৪ ব্যৱধানত পৰাস্ত

◊ ভাৰতীয় পুৰুষ দলটো কালি চীনৰ চেংডুত অনুষ্ঠিত থমাছ কাপ বেডমিণ্টন প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ১-৪ ব্যৱধানত পৰাস্ত হয়। ভাৰতীয় দলটোৱে ইতিমধ্যে গ্রুপ পর্যায়ত ইংলেণ্ড আৰু থাইলেণ্ডৰ বিৰুদ্ধে জয়েৰে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে যদিও ইন্দোনেছিয়া হাতত পৰাজিত হৈ গ্ৰুপৰ শীৰ্ষ স্থানৰ পৰা অৱনমিত হৈছে। কালি প্ৰথমখন খেলত ভাৰতৰ এইচ এছ প্রণয়ে এন্থনী চিনিচুকা গিণ্টিংক ১৩-২১, ২১-১২, ২১–১২ গে’মত পৰাস্ত কৰি দেশক ১-০ অগ্রগতি প্ৰদান কৰে। অৱশ্যে ডাবল্‌ছত সাত্বিক চাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ শ্বেটীৰ ভাৰতীয় যুটিটো মহম্মদ শ্বোহিবুল ফিকৰি আৰু বাগাছ মৌলানাৰ হাতত ২২-২৪, ২৪–২২, ১৯-২১ গে’মত আৰু ধ্ৰুৱ কপিলা আৰু ছাই প্রতীকৰ ভাৰতীয় যুটিটো লিঅ’ ৰলি কাৰ্নাঙো আৰু ডেনিয়েল মাৰ্থিনৰ হাতত ২০-২২, ১১-২১ পোনপটীয়া গে’মত পৰাস্ত হয়। একেদৰে ছিংগল্‌ছত ভাৰতৰ দুগৰাকী খেলুৱৈ লক্ষ্য সেনে জোনাতান ক্রীষ্টিৰ বিৰুদ্ধে ১৮-২১, ২১–১৬, ১৭-২১ গেমত আৰু কিদাম্বি শ্রীকান্ত চিকো অ’ দ্বী ৱাৰ্ডোয়ৰ বিৰুদ্ধে ২১–১৯, ২২-২৪, ১৪-২১ গেমত পৰাজিত হয়।

More News : IPL: সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দাবাদৰ সন্মুখীন হ’ব 

অধিক পঢ়ক

সকলো চাওক