ওমানৰ উপকূলৱৰ্তী অঞ্চলত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ ফলত ১৩ গৰাকী ভাৰতীয় আৰু ৩ গৰাকী শ্ৰীলংকাৰ নাগৰিককে ধৰি জাহাজখনত থকা মুঠ ১৬ গৰাকী নাৱিকৰ কেউগৰাকীয়েই সন্ধানহীন হৈ আছে। যোৱা ১৫ জুলাইত সংঘটিত এই দুর্ঘটনাটোৰ বিষয়ে দেশখনৰ কৰ্তৃপক্ষই কালি বাতৰি প্ৰকাশ কৰিছে। ওমানৰ সমুদ্রপথৰ সুৰক্ষা কেন্দ্ৰই প্ৰকাশ কৰা মতে প্রেষ্টিজ ফেল্কন নামৰ এই জাহাজখন ওমানৰ ঔদ্যোগিক বন্দৰ ডুমৰ কাষৰীয়া এলেকাত বুৰ যায়। এই বাতৰি যুগুতোৱাৰ পৰলৈ জাহাজখন অক্ষত অৱস্থাত আছে নে ইয়াৰ পৰা তেলৰ নিৰ্গমণ হৈছে সেই বিষয়ে দেশখনৰ কৰ্তৃপক্ষই কোনো কথা প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে ২০০৭ চনত নিৰ্মিত ১১৭ মিটাৰ দৈৰ্ঘ্যৰ এই তৈল্য সামগ্ৰী পৰিবাহী জাহাজখন য়েমেন এডেন বন্দৰ অভিমুখে গৈ আছিল। তেল পৰিবাহী এনে সৰু জাহাজ সাধাৰণতে কম দূৰত্বৰ উপকূলীয় অঞ্চলৰ মাজতহে পৰিবহণ কৰোৱা হয়। ওমানৰ প্ৰশাসনে সামুদ্রিক কৰ্তৃপক্ষৰ সহযোগিতাৰে উদ্ধাৰ অভিযান চলাই আছে যদিও বৰ্তমানলৈ জাহাজখনৰ কোনো লোকক উদ্ধাৰ কৰাৰ বিষয়ে জানিব পৰা হোৱা নাই ।