১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰ সামৰণি

◊লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে ১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰো আজি সামৰণি পৰিল। বিগত ৪৩ দিনত দেশৰ ৫৪২টা সমষ্টিৰ ভোটদাতাসকলে অষ্টাদশ লোকসভালৈ নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ উদ্দেশ্যে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে এইবেলি দেশৰ মুঠ ৫৪৩টা সমষ্টিৰ ভিতৰত ৫৪২টাৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হৈছে। ছুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীগৰাকী বিনা প্রতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে। সপ্তম পৰ্যায়ত আজি পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ টাকৈ, পশ্চিমবংগৰ ৯ টা, বিহাৰৰ ৮ টা, ওড়িশাৰ ৬ টা, হিমাচল প্ৰদেশৰ ৪ টা, ঝাৰখণ্ডৰ ৩টা আৰু চণ্ডীগড়ৰ এটা সমষ্টি আছে। এই পৰ্যায়ত বিয়লি ৫ বজালৈকে সামগ্রিকভাৱে ৫৮.৩৪ শতাংশ ভোটদাতাই ভোটদানৰ অধিকৰ সাব্যস্ত কৰে। ভোট গ্রহণৰ সামৰণিৰ লগে লগে এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৯০৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্যও ই ভি এমত বন্দী হয়।

Read More :

ইয়াৰে ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্রী কংগনা ৰাণাৱৰ্ট, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পাঞ্জাবৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চান্নী, প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰাৎ কৌৰ বাদল, আৰ. জে. ডিৰ মুৰববী লালুপ্রসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কংগ্ৰেছ নেতা মণীষ তিৱাৰী, বিক্রমাদিত্য সিং অন্যতম। নির্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি বিহাৰত ৪৮.৮৬ শতাংশ, চণ্ডিগড়ত ৬২.৮০ শতাংশ, হিমাচল প্ৰদেশত ৬৬.৫৬ শতাংশ, ঝাৰখণ্ডত ৬৭.৯৫ শতাংশ, ওড়িশাত ৬২.৪৬ শতাংশ, পাঞ্জাবত ৫৫.২৯ শতাংশ, উত্তৰ প্ৰদেশত ৫৪ শতাংশ আৰু পশ্চিম বংগত ৬৯.৮৯ শতাংশ ভোটদান সম্পন্ন হৈছে।
লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত সমান্তৰালভাৱে আজি ওড়িশা বিধানসভাৰ ৪২ খন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হয়। ইয়াৰ উপৰি হিমাচল প্ৰদেশৰ ৬টা আৰু বিহাৰ, উত্তৰপ্ৰদেশ তথা পশ্চিমবংগৰ এটাকৈ বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচনো অনুষ্ঠিত হয়। মঙলবাৰে ভোটগণনা কৰা হ’ব। ভোটগণনাৰ বাবে সমগ্ৰ দেশত প্রস্তুতি পূর্ণ গতিত অব্যাহত আছে।

অধিক পঢ়ক

সকলো চাওক