ডাউনলোড
মোবাইল এপ

android apple
signal

May 14, 2024 6:23 PM | INDIA UNESCO

printer

ইউনেস্ক’ৰ বিশ্ব এছিয়া পেচিফিক আঞ্চলিক পঞ্জীৰ স্মৃতিত ৰামচৰিত মানস, পঞ্চতন্ত্ৰ আৰু সহৃদয় লোক-লোকন অন্তর্ভুক্ত

ৰামচৰিত মানস, পঞ্চতন্ত্ৰ আৰু সহৃদয় লোক-লোকন ইউনেস্ক’ৰ বিশ্ব এছিয়া পেচিফিক আঞ্চলিক পঞ্জীৰ স্মৃতিত অন্তর্ভুক্ত হৈছে। সাংস্কৃতিক মন্ত্ৰ্যালয়ে কৈছে যে এই অন্তর্ভুক্তি ভাৰতৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আৰু দেশৰ চহকী সাহিত্য, ঐতিহ্য তথা সংস্কৃতিৰ উত্তৰাধিকাৰৰ এয়া এক নিশ্চয়তা। মন্ত্ৰ্যালয়ে কয় যে ই বিশ্ব সাংস্কৃতিক সংৰক্ষণৰ প্ৰচেষ্টাত এটা ঢাপ আগুৱাই নিয়াৰ ইংগিত দিছে। লগতে মানৱতাক গঢ় দিয়া দেশৰ বৈচিত্ৰ্যময় আখ্যানসমূহ আৰু কলাত্মক প্ৰকাশৰ ধাৰাসমূহক স্বীকৃতি আৰু সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বৰ কথা আলোকপাত কৰিছে। মন্ত্ৰালয়ে কয় যে এই সাহিত্যিক কীর্তিস্তম্ভসমূহক সন্মান জনাই সমাজে কেৱল ইয়াৰ সৃষ্টিকৰ্তাসকলৰ সৃষ্টিশীল প্ৰতিভাৰ প্ৰতি শ্ৰদ্ধা জনোৱাই নহয়, তেওঁলোকৰ গভীৰ জ্ঞান আৰু কালজয়ী শিক্ষাই ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকে। ৰামচৰিত মানস, পঞ্চতন্ত্ৰ আৰু সহৃদয় লোক-লোকন আদি এনে কালজয়ী ৰচনা, যিয়ে ভাৰতীয় সাহিত্য-সংস্কৃতিক গভীৰভাৱে প্ৰভাৱিত কৰি জাতিটোৰ নৈতিক আৰু কলাত্মক প্ৰকাশভংগীক ৰূপ দিছে। এই ৰচনাসমূহে সময় আৰু ঠাইৰ পৰিধি ভাঙি ভাৰত তথা বিদেশৰো বহু লোকৰ মন জয় কৰিছে। উল্লেখযোগ্য যে ৰামচৰিত মানস গোস্বামী তুলসীদাসে, পঞ্চতন্ত্র বিষ্ণু শর্মাই, সহৃদয় লোক-লোকন আচার্য আনন্দ বর্ধনে ৰচনা কৰিছে।

অধিক পঢ়ক

সকলো চাওক