অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা বিবাদ বৰ্তমান ব্যৱস্থাৰ অধীনত সম্পূৰ্ণৰূপে সমাধান কৰা হ’ব। অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত ৫৯ সংখ্যক মপিন উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি এইদৰে মন্তব্য কৰে। ২০২৬ চনত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী পালন কৰা হ’ব বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ড° ভূপেন হাজৰিকাৰ অৰুণাচল প্ৰদেশৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে অসম চৰকাৰে অৰুণাচলতো এই শতবার্ষিকী পালন কৰিবলৈ ইচ্ছুক। এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ প্ৰতি তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অৰুণাচল প্রদেশ আৰু অসম কেৱল ভৌগোলিক সীমাৰেই নহয় বহু শতিকাজোৰা ঐতিহ্য সভ্যতা শিপাৰে সংযুক্ত সমন্বয়ৰ প্রতীক। অসমীয়া সমাজৰ বহু উৎসৱৰ দৰেই মপিন উৎসৱৰো আধাৰ প্রকৃতিয়েই বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে। ড০ শৰ্মাই কয়, যে এটা সময়ত উত্তৰ-পূৰ্বাঞ্চলক অবহেলিত অঞ্চল বুলি গণ্য কৰা হৈছিল কিন্তু ২০১৪ চনত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পাছত অঞ্চলটোত দ্রুত পৰিৱৰ্তন সাধন হৈছে। আগন্তুক ২০ বছৰত অঞ্চলটোত বৃহৎ পৰিৱৰ্তন সাধন হ’ব বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে মপিন উৎসৱলৈ আমন্ত্রণ জনোৱাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্রী পেমা খাণ্ডু আৰু গালো জনগোষ্ঠীয় আয়োজক মণ্ডলীক কৃতজ্ঞতা জ্ঞাপন কৰে।
Site Admin | April 6, 2025 12:29 PM | The Mopin Festival cm himanta biswa sarma
অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ বৰ্তমান ব্যৱস্থাৰ অধীনত সম্পূৰ্ণৰূপে সমাধান কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
