সমগ্র দেশে উন্নত ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছেঃ মোদী

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বর্তমান সমগ্র দেশে উন্নত ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছে। শ্ৰী মোদীয়ে আজি ৰাজস্থানৰ শেখাৱতী অঞ্চলৰ চুৰুৰ এখন নিৰ্বাচনী সভাত ভাষণ দি এইদৰে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে বিগত ১০ বছৰত তেওঁৰ চৰকাৰে জনসাধাৰণৰ কেইবা দশকজোৰা বুনিয়াদী আৱশ্যকতা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে বিগত ১০ বছৰত উন্নত ভাৰতবৰ্ষৰ বাবে ভেঁটি নিৰ্মাণ কৰা হৈছে। সম্প্ৰতি সমগ্ৰ বিশ্ব ভাৰতৰ দ্ৰুত প্ৰগতিক লৈ আশ্চর্যচকিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে ক্ষমতালৈ অহাৰ পাছত তেওঁৰ চৰকাৰে সততাৰে কাম কৰিছে আৰু ইয়াৰ বলতে দেশৰ ক্ষিপ্ৰ প্ৰগতি সম্ভৱ হৈ উঠিছে। বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে প্ৰতিটো পৰিয়ালৰ বাবে শৌচালয় আৰু খোৱা পানীৰ দৰে উমৈহতীয়া সুবিধা সুনিশ্চিত কৰাৰ উদ্দেশ্যে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰি আহিছে। কৰোনা বিপর্যয়ৰ মাজতো দেশ বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থ ব্যৱস্থাৰূপে পৰিগণিত হোৱা বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। বিগত ১০ বছৰত কৰা কামক ট্ৰেইলাৰ বুলি অভিহিত কৰি শ্ৰী মোদীয়ে কয় যে অনাগত সময়ত দেশত অনেক ডাঙৰ কাম কৰিবলগীয়া আছে। বিৰোধী দলসমূহক সমালোচনা কৰি তেওঁ কয় যে সেনা বাহিনীয়ে চাৰ্জিকেল আৰু বিমান আক্রমণ চলোৱাৰ সময়ত বিৰোধী দলৰ সদস্যসকলে প্রমাণহে বিচাৰিছিল।

Read More News : 

কৰিমগঞ্জত নির্বাচনী কামত নিয়োজিত প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটাৰক পোষ্টেল বেলট সংগ্ৰহৰ বাবে জিলা প্ৰশাসনৰ অধিসূচনা

নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ ২৩ সংখ্যক প্ৰতিষ্ঠা পালন

ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সোণোৱালৰ জোনাইত নির্বাচনী সভাত অংশগ্ৰহণ

অধিক পঢ়ক

সকলো চাওক