কেৰালাৰ ৱায়নাড জিলাত হোৱা ভূমিস্খলনৰ ঘটনাত নিহত লোকৰ সংখ্যা ৯৩ লৈ বৃদ্ধি পাইছে। এই ঘটনাত আহত ১২৮ জন লোকক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জিলাখনৰ ভূমিস্খলন প্রভাৱিত এলেকাসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। স্থলসেনা বাহিনী আৰু নৌসেনা বাহিনীৰ লোকে উদ্ধাৰ অভিযানত সহায় কৰিছে আৰু মুন্দাক্কয়ম এলেকাৰ পৰা প্ৰায় ১৫০ জন লোকক উদ্ধাৰ কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে কৈছে যে, অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে সম্ভাৱ্য সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন, পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে তেওঁৰ সৈতে কথা পাতিছে আৰু সহায়ৰ হাত আগবঢ়াইছে। ৱায়নাড জিলাত স্থাপন কৰা ৪৫ টা সাহায্য শিবিৰত ৩ হাজাৰ ৬৯ গৰাকী লোকে আশ্ৰয় লৈ আছে বুলি তেওঁ প্ৰকাশ কৰিছে। কেৰালা চৰকাৰে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ সন্মানাৰ্থে আজিৰে পৰা দুদিনীয়া শোক ঘোষণা কৰিছে। এই সময়ছোৱাত সকলো ধৰণৰ ৰাজহুৱা অনুষ্ঠান আৰু উদ্যাপন বন্ধ থাকিব আৰু ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত হৈ থাকিব।
Site Admin | July 30, 2024 8:41 PM | The death toll in a landslide in Kerala’s Wayanad district has risen to 93