ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে। বৰপেটা সত্ৰত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত অনুষ্ঠানৰ আজি আইসকলৰ নামেৰে সামৰণি মৰা হয়। আনহাতে, সুন্দৰীদিয়া সত্ৰত তিনিদিনীয়াকৈ আয়োজিত কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি সত্ৰৰ দালান তথা মূল প্ৰৱেশ পথৰ সন্মুখৰ পৰা আজি এটা ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাই সমগ্ৰ সুন্দৰীদিয়া অঞ্চল পৰিভ্ৰমণ কৰে। আনহাতে, ইয়াৰ পূৰ্বে যোৱা নিশা আয়োজিত ধর্মালোচনা সভাত ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক মাধৱদেৱ বঁটা প্ৰদান কৰা হয় বুলি আকাশবাণীৰ বৰপেটাৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে, সুন্দৰীদিয়া সত্ৰই প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে।
ৰাজ্যৰ ভিন্নত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি
