ডাউনলোড
মোবাইল এপ

android apple
signal

তেজপুৰ মহিলা সমিতিৰ বাৰ্ষিক অধিৱেশন আৰু প্ৰাক্তন সভানেত্ৰী প্ৰয়াত মীনা আগৰৱালাৰ জন্ম শতবার্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

তেজপুৰ মহিলা সমিতি বাৰ্ষিক অধিৱেশন আৰু সমিতিৰখনৰ প্ৰয়াত প্ৰাক্তন সভানেত্ৰী তথা নাৰী সৱলীকৰণৰ অন্যতম নেত্রী মীনা আগৰৱালাৰ জন্ম শতবার্ষিকী উপলক্ষে কালি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই উপলক্ষে মীনা আগৰৱালা স্মৃতি ভৱনত পুৱা প্ৰয়াত আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে তেজপুৰ জিলা মহিলা সমিতিৰ উদ্যোগত মীনা আগৰৱালাৰ কৰ্মময় জীৱনৰ বিষয়ে এখন প্ৰদৰ্শনী মুকলি কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰি সাহিত্য অকাডেমী যুৱ বঁটাপ্ৰাপক অধ্যাপক অৰিন্দম বৰকটকীয়ে মীনা আগৰৱালা ১৯৩৬ চনৰ প্ৰথম মহিলা অৰ্কেষ্ট্ৰাৰ শিল্পী আছিল বুলি উল্লেখ কৰি কয় যে, তেওঁৰ উদ্যোগতেই তেজপুৰত গীতৰ সৃষ্টি হ’ল, প্রথম সংগীত বিদ্যালয়ৰ জন্ম হ’ল আৰু বাণ থিয়েটাৰত মহিলাৰ নাটক মঞ্চস্থ হ’ল। অনুষ্ঠানত তেজপুৰ মহিলা সমিতিৰ সভানেত্ৰী মিতা নাংগিয়া গোস্বামীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক