ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু বিত্তমন্ত্ৰী অজন্তা নেওগক লৈ গঠিত কেবিনেট সমিতিয়ে আজি তেজপুৰ অভিৱৰ্তন কেন্দ্ৰত সামগ্রী আৰু সেৱাকৰ বিষয়ত মধ্য অসমৰ কেইবাখনো জিলাৰ বাণিজ্য আৰু ব্যৱসায়িক সংস্থাসমূহৰ সৈতে বাৰ্তালাপত অংশগ্ৰহণ কৰে। ৰাজ্যৰ কেইবাটাও স্থানত অনুষ্ঠিত হ’বলগীয়া আঞ্চলিক পৰামৰ্শমূলক আলোচনাৰ এইখন তৃতীয়খন বৈঠক। অনুষ্ঠানত বাণিজ্য সংস্থাসমূহৰ প্ৰতিনিধিসকলে জি এছ টিৰ অধীনত প্ৰদান কৰা জাননী সন্দৰ্ভত তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ কথা মন্ত্রীদ্বয়ক অৱগত কৰাৰ লগতে কৰ পৰিশোধ ব্যৱস্থাৰ সৰলীকৰণ কৰাকে ধৰি বিভিন্নধৰণৰ পৰামৰ্শ প্ৰদান কৰে। নিজৰ ব্যক্তব্যত মন্ত্ৰী সিংহলে কয় যে কৰদাতাসকলৰ স্বাৰ্থ, সুৰক্ষা, বৰ্তমানৰ চৰকাৰখনৰ বাবে সদায়ে অগ্ৰাধিকাৰৰ বিষয়। ৰাজ্য চৰকাৰে সদায়ে ব্যৱসায়ীসকলৰ লগত আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ব্যৱসায়ীসকলে বিভিন্ন ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাসমূহ কাৰ্যকৰীভাৱে দূৰ কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ। ৰাজ্যৰ ব্যৱসায়ীসকলৰ লাভালাভৰ বিষয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জি এছ টি প্ৰৱৰ্তন কৰা হৈছিল। অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ এখন হিচাপে গঢ় দিবলৈ হ’লে ব্যৱসায়ীসকলক লগত লৈ আগবাঢ়িব লাগিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। জি এছ টিৰ অধীনত প্ৰদান কৰা জাননী সন্দৰ্ভত ব্যৱসায়ীসকলৰ আশংকা দূৰ কৰিবলৈ তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট আৰু শিলচৰত পৰৱৰ্তী আলোচনা অনুষ্ঠিত কৰি এমাহৰ ভিতৰত মন্ত্রীদ্বয়ে প্রতিবেদন দাখিল কৰিব।
Site Admin | July 1, 2024 8:56 PM | tezpur meeting ashok singhal ajanta neog