ডাউনলোড
মোবাইল এপ

android apple
signal

February 10, 2025 1:37 PM | TEZPUR

printer

তেজপুৰৰ শতবৰ্ষ গৰকা সামাজিক অনুষ্ঠান অসমীয়া ক্লাবৰ ঐতিহ্য পদযাত্রা শীর্ষক কাৰ্যসূচী

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি বিজাড়িত তেজপুৰৰ শতবৰ্ষ গৰকা সামাজিক অনুষ্ঠান অসমীয়া ক্লাবে ঐতিহ্য পদযাত্রা শীর্ষক এটা কাৰ্যসূচী গ্ৰহণ কৰে। শিক্ষাৰ্থীক লৈ ঐতিহাসিক স্থান পর্যবেক্ষণৰ উদ্দেশ্যে গ্ৰহণ কৰা এই কাৰ্যসূচী বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থই কালি শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত সভাত বিধায়ক ৰাভাই কয়, যে ঐতিহ্য প্রীতিয়ে একোগৰাকী শিক্ষাৰ্থীৰ প্ৰকৃত জ্ঞান লাভৰ পথ প্রশস্ত কৰে। তেওঁ তেজপুৰ চহৰৰ ইতিহাস সম্পর্কে কৌতুহলী হবলৈ শিক্ষাৰ্থীসকলক পৰামৰ্শ আগবঢ়ায়। সভাত আৰক্ষী অধীক্ষক পুৰকায়স্থই কয়, যে তেজপুৰৰ পুৰণি ঐতিহ্যৰ চাণেকিস্বৰূপ দ-পৰ্বতীয়াৰ শৈলদ্বাৰ, মহাভৈৰৱ মন্দিৰ, ভৈৰৱী দেৱালয় আদি দৰ্শনৰ বাবে বাহনৰ ব্যৱস্থা কৰা হৈছে। এনে অনুষ্ঠানৰ প্ৰতি তেওঁ ভৱিষ্যতেও সহায়-সহযোগিতা আগবঢ়াই যাব বুলি প্রতিশ্রুতি দিয়ে।

অধিক পঢ়ক

সকলো চাওক