জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ তিৰয়াথ গাঁৱৰ সমীপত কালি সন্ধিয়া সংঘটিত সন্ত্রাসবাদী আক্ৰমণত তীর্থযাত্রী কঢ়িওৱা এখন বাছ খাৱৈত বাগৰি পৰাৰ ফলত ১০জন তীর্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৩৩জন আহত হয়। বাছখন শিৱ খ’ৰি পৱিত্ৰ গুহা দৰ্শন কৰি কাট্টা অভিমুখে গৈ আছিল। ৰিয়েছিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহিত শৰ্মাই কৈছে যে, বাছখনৰ চালকজনৰ গাত গুলী লগাৰ ফলত বাছখন নিয়ন্ত্রণহীন হৈ পৰে। আহত লোকসকলক তিৰয়াথ, ৰিয়েছি আৰু জম্মুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে লেফটেনেণ্ট গৰ্ৱনৰ মনোজ সিনহাক সঘনে পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে আহত লোকসকলৰ সকলোধৰণৰ চিকিৎসা আৰু সাহায্য নিশ্চিত কৰিবলৈ নির্দেশ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই ঘটনাত শোক প্ৰকাশ কৰি কয় যে, এয়া হৈছে মানৱতাৰ বিৰুদ্ধে এটা অপৰাধ। ৰাষ্ট্ৰপতিগৰাকীয়ে আঘাতপ্ৰাপ্তসকলৰ আশুআৰোগ্য কামনা কৰাৰ লগতে কয় যে, দেশ নিহতসকলৰ পৰিয়ালৰ সৈতে আছে। কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে এই আক্রমণক গৰিহনা দিয়ে। তেওঁ জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৰ্ৱনৰ আৰু আৰক্ষী সঞ্চালকপ্ৰধানক ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।