তেলেংগানাৰ মুলুগু জিলাত কালি কমেও ২২ জন চিপিআই মাওবাদীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। এই আত্মসমৰ্পণকাৰী সকলৰ ভিতৰত ৰিভলিউশ্বনৰী পিপলছ কমিটীৰ ১৮ জন সদস্য, ৩টা এলেকা সমিতিৰ সদস্য আৰু এজন দলীয় সদস্য আছে। জিলা আৰক্ষী অধীক্ষক ছ’বাছি পি-য়ে মাওবাদী সদস্যসকলক আত্মসমৰ্পণ কৰি পৰিয়ালৰ সৈতে শান্তিপূৰ্ণ জীৱন কটাবলৈ আহ্বান জনাইছিল। তেওঁ কয়, যে জিলা আৰক্ষীয়ে আত্মসমৰ্পণকাৰী সদস্যসকলৰ পুনৰ্বাসৰ ব্যৱস্থা কৰিব।
Site Admin | April 12, 2025 1:16 PM | TELENGANA
তেলেংগানাত ২২ জন চিপিআই মাওবাদীৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ
