September 5, 2024 12:30 PM | teachers day assam

printer

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত ৬৩ সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান

দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি শিক্ষক দিৱস পালন কৰা হৈছে। শিক্ষাবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডº সর্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। দেশত ১৯৬২ চনৰ ৫ ছেপ্তেম্বৰত প্ৰথম শিক্ষক দিৱস অনুষ্ঠিত হৈছিল আৰু ১৯৭২ চনৰে পৰা চৰকাৰীভাৱে এই দিৱস পালন কৰি অহা হৈছে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ ৮২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰদান কৰিব। কেন্দ্রীয় শিক্ষা মন্ত্ৰ্যালয়ে কৈছে যে, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অসাধাৰণ অৱদানৰ উদযাপন আৰু স্কুলীয়া শিক্ষাৰ মান উন্নত কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ জীৱন সমৃদ্ধ কৰা একাংশ শিক্ষকক সন্মানিত কৰাই ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰ মূল উদ্দেশ্যে। ইপিনে, ৰাজ্যৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত ৬৩ সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত চলিত বৰ্ষৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰা ১৩গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ৰাজ্যিক বঁটা প্ৰদান কৰা হ’ব। মাধ্যমিক শাখাত ৮ গৰাকী শিক্ষকলৈ এই বঁটা আগবঢ়োৱা হৈছে। তেওঁলোক হৈছে ডিব্ৰুগড়ৰ বিউতি লেখাৰু শ‍ইকীয়া, যোৰহাটৰ মণি দত্ত, লখিমপুৰৰ কল্পনা গগৈ, যোৰহাটৰ প্ৰশান্ত কুমাৰ মহন্ত, তিনিচুকীয়াৰ মিনু ৰাণী বৰা, বিশ্বনাথৰ ৰিপুঞ্জয় বৰদলৈ, কামৰূপৰ হীৰেন কুমাৰ দাস আৰু শিৱসাগৰৰ হীৰেন কুমাৰ নেওগ। আনহাতে প্রাথমিক শাখাত পাঁচ গৰাকী শিক্ষক ক্রমে ধেমাজিৰ গকুল চুতীয়া, কাছাৰ অতনু চৌধুৰী, ৰঙৰ বিজু বেখা দেৱী, ডিব্ৰুগড়ৰ সংগীতা দেৱী আৰু শিৱসাগৰৰ লোহিত চেতীয়াক কৃতি শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকে কালি এই সম্বন্ধীয় নির্দেশনা জাৰি কৰে। অনুষ্ঠানত নাকৰ মূল্যায়নত A++ আৰু A+ তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বতন্ত্র মর্যাদা লাভ কৰা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ লগতে পেটেণ্ট লাভ কৰা মহাবিদ্যালয়সমূহৰ শিক্ষকসকলকো সম্বৰ্দ্ধনা জ্ঞাপন কৰা হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক