তেলুগু দেশম পাৰ্টিৰ মুৰব্বী নৰ চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

তেলুগু দেশম পাৰ্টিৰ মুৰব্বী নৰ চন্দ্ৰবাবু নাইডুৱে আজি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। ৰাজ্যখনৰ কৃষ্ণা জিলাৰ কেছাৰাপল্লী আই টি পাৰ্কত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল এছ আব্দুল নাজিৰে আজি দিনৰ ১১ বাজি ২৭ মিনিটত তেওঁক শপতবাক্য পাঠ কৰোৱায়। নৱনিযুক্ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যখনৰ ২৪ গৰাকী নৱনিৰ্বাচিত বিধায়কেও আজি মন্ত্ৰী পৰিষদৰ সদস্য হিচাপে শপতগ্ৰহণ কৰে। এই সকলৰ মাজত জনসেনা পাৰ্টিৰ তিনিগৰাকী আৰু ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সদস্যয়ো আছে। আজি মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাসকলৰ মাজৰ অন্যতম কেইগৰাকীমান হ’ল জনসেনা পাৰ্টিৰ মুৰববী কে পৱন কল্যাণ, টি ডি পিৰ সাধাৰণ সম্পাদক নৱ লোকেশ আৰু জ্যেষ্ঠ বিজেপি নেতা সত্য কুমাৰ য়াদৱ। আজিৰ শপতগ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, কিষাণ ৰেড্ডী, চিৰাগ পাছৱানৰ লগতে অনুপ্রিয়া পেটেল, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্রাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰামান্না, চলচ্চিত্র অভিনেতা চিৰঞ্জীৱী আৰু ৰজনীকান্তকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে এই শপতগ্রহণ অনুষ্ঠানত ছিংগাপুৰ, জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সৰ কূটনীতিবিদসকলেও অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক