ৰাজ্যৰ বিভিন্ন স্থানত আজি বিশ্ব যক্ষ্মা দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি হামৰেণৰ জিলা যক্ষ্মা কেন্দ্ৰত এই দিৱস পালন কৰা হয়। হামৰেণ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ আলতাফ হুছেইনৰ সভাপতিত্বত আয়োজিত এই কাৰ্যসূচীত যক্ষ্মা ৰোগৰ লক্ষণ তথা এই ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। চৰাইদেউ জিলাৰ সোণাৰিত আজি বিশ্ব যক্ষ্মা দিৱস উপলক্ষে নাফুক চাহ বাগিচাত এখন সভাৰ আয়োজন কৰা হয়।
একেদৰে যোৰহাট জিলাৰ যক্ষ্মা কেন্দ্ৰই তিনিদিনীয়া কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰিছে। জিলাখনৰ যক্ষ্মা ৰোগী চিনাক্ত কৰা মুঠ ৪৬টা পঞ্চায়তৰ ভিতৰত বৰ্তমান ৩৯টাই যক্ষ্মামুক্ত হৈছে বুলি জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ ভক্তিময় ভট্টাচার্যই উল্লেখ কৰে। এই উপলক্ষে আজি যোৰহাট ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত অসম মহোৎসৱত নিক্ষয় মিত্ৰসকলক নুমলীগড় তেল শোধনাগাৰে যোগান ধৰা খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। গোলাঘাট জিলাতো বিশ্ব যক্ষ্মা দিৱস উপলক্ষে সজাগতা সভা অনুষ্ঠিত হয়। জিলাখনৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা গোলাঘাট নগৰ হৈ জিলা যক্ষ্মা চিকিৎসালয়লৈ এটা সমদল উলিওৱা হয়। সজাগতা সভাত জিলাখনৰ এহেজাৰ ৬৮৩ জন যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা আগবঢ়োৱা হয়। ধেমাজি জিলা স্বাস্থ্য বিভাগ আৰু জিলা যক্ষ্মা নিয়ন্ত্রণ কোষে স্বাস্থ্য ভৱনত যক্ষ্মা দিৱস উপলক্ষে আয়োজিত কার্যসূচীত যক্ষ্মামুক্ত পঞ্চায়ত হিচাপে ঘোষিত জিলাখনৰ ২৯টা পঞ্চায়তক বিশেষভাৱে পুৰস্কৃত কৰা হয়।
কামৰূপ জিলাৰ নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ত জিলাভিত্তিত বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। অনুষ্ঠানত যক্ষ্মা ৰোগৰ পৰা আৰোগ্য লাভ কৰা কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এইক্ষেত্ৰত বিশেষ সেৱা আগবঢ়োৱা মাৰিয়ম বেগম নামৰ আশাকর্মীগৰাকীক সম্বৰ্ধনা জনোৱা হয়। বঙাইগাঁও জিলাত আজি এই দিৱস উপলক্ষে স্বাস্থ্য বিভাগে আশাকৰ্মী আৰু স্বাস্থ্যকৰ্মীৰ সহযোগত এটা সমদল উলিওৱাৰ উপৰি সজাগতা সভাৰ আয়োজন কৰে। উল্লেখযোগ্য যে জিলাখনত শেহতীয়াকৈ ৰূপায়ণ কৰা এশদিনীয়া যক্ষ্মা নির্মূলকৰণ অভিযানত সম্ভাব্য ৰোগীসকলক চিনাক্ত কৰি বিনামূলীয়া ঔষধ যোগান ধৰাৰ লগতে প্ৰতিমাহে এহেজাৰ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হয়। কোকৰাঝাৰ জিলাতো আজি এই উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ স্বাস্থ্যকৰ্মী আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কোকৰাঝাৰ জিলাৰ কৰ্মচাৰীসকলে সজাগতামূলক এটা সমদল উলিয়ায়। ধুবুৰী জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এই দিৱস উপলক্ষে এটা সজাগতামূলক মটৰচাইকেল ৰেলী উলিওৱা হয়। ইয়াৰ জৰিয়তে ধুবুৰী চহৰৰ বিভিন্ন অংশত জনসাধাৰণক যক্ষ্মাৰ দৰে ৰোগৰ পৰা কেনেধৰণে আঁতৰি থাকিব পাৰি সেই সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।