ডাউনলোড
মোবাইল এপ

android apple
signal

জাগীৰোডত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কৰা হয়। অসমক বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্রতিষ্ঠা কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে। আজি জাগীৰোডত প্ৰকল্পটোৰ ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজিৰ দিনটো অসম তথা উত্তৰ-পূব ভাৰতৰ বাবে প্রযুক্তিগত বিকাশৰ পথত এটা উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উদ্যোগত টাটা গ্রুপে আৰম্ভ কৰা এই প্রকল্প অসমবাসীৰ বাবে তাৎপৰ্যপূৰ্ণ আৰম্ভণি বুলি অভিহিত কৰি ড০ শৰ্মাই টাটা গ্রুপে অঞ্চলটোৰ চাহ উদ্যোগৰ লগতে চিকিৎসা খণ্ডলৈ আগবঢ়োৱা সেৱাৰ বিষয়েও উল্লেখ কৰে। ৰাজ্যখনত উগ্রবাদী সমস্যা প্রতিহত কৰাত চৰকাৰৰ সফলতাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ঔদ্যোগিক গোষ্ঠীটোক অসমত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছিল বুলিও ড০ শৰ্মাই ভাষণ প্ৰসংগত উল্লেখ কৰে। উল্লেখযোগ্য যে, এই প্ৰকল্পটোত ইতিমধ্যে এহেজাৰ অসমীয়া যুৱতীক প্ৰশিক্ষণ দি নিয়োগৰ সুবিধা দিয়া হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি টাটা ছনছৰ চেয়াৰমেন নটৰাজন চন্দ্ৰশেখৰনে কয় যে, জাগীৰোডত স্থাপন কৰা ৰাজ্যৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পত বৈদ্যুতিক গাড়ী, মোবাইল ফোন আৰু চিকিৎসাৰ বিভিন্ন সঁজুলিৰ বাবে প্রয়োজনীয় ৪৮ হাজাৰ মিলিয়ন চিপছ প্রতিদিনে উৎপাদন তথা যন্ত্রাংশ সংযোজন কৰা হ’ব। আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰা, পীযূষ হাজৰিকা, নন্দিতা গালোচা, যোগেন মহন আৰু মুখ্য সচিব ড০ ৰবি কোটাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকসকলক বিশ্বমানৰ সুবিধা প্ৰদানৰ উদ্দেশ্যেৰে অসম চৰকাৰে আজি টাটা গ্রুপৰ সৈতে এখন বুজাবুজিব চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশ লয়।

অধিক পঢ়ক

সকলো চাওক