তামুলপুৰ জিলাত সমাগত চতুৰ্থ ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনৰ প্ৰস্তুতি সন্দৰ্ভত আজি জিলাৰ অতিৰিক্ত আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থকা এই বৈঠকত বিভাগসমূহৰ অধীনত চলি থকা কাম-কাজৰ প্ৰত্যাহ্বান আৰু তাৰ সমাধান সম্পৰ্কে অতিৰিক্ত আয়ুক্তই সংশ্লিষ্ট বিষয়াসকলৰ পৰা মতামত বিচাৰে। উল্লেখযোগ্য যে এইবাৰ হ’বলগীয়া চতুৰ্থ ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনৰ মূল বিষয় হৈছে- উদ্যমশীলতা, নিযুক্তি আৰু দক্ষতা বৃদ্ধি, জনগাঁথনিগত লভ্যাংশৰ উত্তৰণ। আজি বৈঠকত অতিৰিক্ত আয়ুক্তই বিভিন্ন জনকল্যাণমূলক বিষয় আৰু বিশেষ স্ব-নিয়োজনৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলক সহায় কৰিব পৰাকৈ সংশ্লিষ্টসকলৰ পৰা পৰামৰ্শ বিচাৰে।
Site Admin | September 24, 2024 7:28 PM | tamulpur sanmilaon dc