তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আধাৰ কাৰ্ড পঞ্জীয়ন সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত এতিয়ালৈকে আধাৰ পঞ্জীয়নৰ পৰা বাদ পৰি থকা ৫ৰ পৰা ৭ বছৰ আৰু ১৫ৰ পৰা ১৭ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ নামসমূহ পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। অতিৰিক্ত জিলা আয়ুক্ত দীপাংকৰ নাথে শিক্ষাৰ্থীসকলৰ নামসমূহ শীঘ্ৰে জমা দিবলৈ শিক্ষা বিষয়াসকলক আহ্বান জনায়। তেওঁ কোনো ছাত্র-ছাত্রী যাতে, আধাৰ পঞ্জীয়নৰ পৰা বাদ পৰি নাযায়, সেই কথা লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়ে।
Site Admin | July 22, 2024 7:36 PM | Tamulpur
তামুলপুৰৰ আয়ুক্ত কাৰ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ আধাৰ কাৰ্ড পঞ্জীয়ন সম্পৰ্কত বৈঠক
