তামিলনাডুৰ কল্লাকুৰিচিত কালি বিষাক্ত সুৰাপান কৰাৰ ফলত ৩৫ জন লোকে প্রাণ হেৰুৱাইছে আৰু অন্য ১০০ জনৰো অধিক লোক অসুস্থ হৈ পৰিছে। অসুস্থ লোকসকলক পুড়ুচেৰীৰ কল্লাকুৰিচি, ছালেম আৰু জিপমেৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। কল্লাকুৰিচিৰ জিলাধিপতিক ইতিমধ্যে বদলি কৰাৰ উপৰি উপ আৰক্ষী অধীক্ষককে ধৰি আন ১০ গৰাকী বিষয়াক নিলম্বন কৰা হৈছে। বে-আইনীভাবে সুৰা সৰবৰাহকাৰীজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু ২০০ লিটাৰ সুৰা জব্দ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বিষাক্ত সুৰাপায়ী অধিকাংশ লোক মূৰ ঘূৰোৱা, পেটৰ বিষ আৰু চকু জ্বলা-পোৰা কৰাৰ সমস্যাত ভূগিছে। ৰাজ্যখনৰ স্বাস্থ্য মন্ত্রী এম সুব্রমন্যমে অসুস্থ লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে চিকিৎসালয়ত উপস্থিত হয়। কালি নিশা সংবাদমাধ্যমৰ আগত দিয়া ব্যক্তবত তেওঁ কয় যে, সুৰাত থকা মেথানলৰ পৰিমাণ অত্যাধিক হোৱাৰ বাবে লোককেইজনৰ মৃত্যু হয়। এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে, এনেধৰণৰ অপৰাধমূলক কার্যত জড়িত সকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব।
তামিলনাড়ু চৰকাৰে বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ১০ লাখ আৰু বিভিন্ন চৰকাৰী হাস্পতালত চিকিৎসা গ্রহণ কৰি থকা সকলৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে। এই দুর্ঘটনাত প্রাণ হেৰুৱা লোকসকলৰ প্ৰতি গভীৰ সমবেদনা আৰু দুখ প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে কয় যে, চৰকাৰে দোষী তথা অবৈধ সুৰাৰ বেপাৰ কৰা লোকসকলক কঠোৰ শাস্তি প্রদান কৰিব। জ্যেষ্ঠ মন্ত্রী আৰু উচ্চ পদস্থ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত শ্রীষ্টেলিনে কয় যে, সকলো অনিয়মৰ ঘটনা পর্যবেক্ষণ এখন তদন্ত আয়োগ গঠন কৰা হৈছে। ইপিনে আক্রান্তসকলক উপযুক্ত চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যে সকলো ব্যৱস্থা গ্রহণ কৰা হৈছে।