ডাউনলোড
মোবাইল এপ

android apple
signal

টাইৱানত ভূমিকম্পঃ প্ৰধানমন্ত্ৰী মোদীৰ সঁহাৰিৰ বাবে কৃতজ্ঞতা টাইৱানৰ বিদায়ী ৰাষ্ট্ৰপতি ছাই ইং-ৱেনৰ

♦ টাইৱানৰ বিদায়ী ৰাষ্ট্ৰপতি ছাই ইং-ৱেনে দ্বীপৰাষ্ট্ৰখনক ৰিখটাৰ স্কেলত ৭.৪ প্রাবল্যৰ ভূমিকম্পই জোঁকাৰি যোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা সঁহাৰিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে বিপদৰ পাছত পুনৰ মূৰ দাঙি উঠিবলৈ চলোৱা প্ৰচেষ্টাৰ সময়ত প্রধানমন্ত্ৰী শ্ৰীমোডীৰ সঁহাৰিয়ে দেশখনৰ জনসাধাৰণৰ বাবে শক্তিৰ উৎস হিচাপে কাম কৰিব বুলি উল্লেখ কৰে। এই সঁহাৰিৰ বাবে দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি লাই-চিং টেয়েও শ্রীমোডীক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টাইৱানত ভূমিকম্পৰ ফলত ভালেকেইগৰাকী লোকে প্ৰাণ হেৰুওৱাক লৈ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্ট শ্রীমোদীয়ে কয় যে টাইৱানৰ জনসাধাৰণে এই বিপদৰ পৰা হোৱা ক্ষতিসমূহ পূৰ কৰি পুনৰ মূৰ দাঙি উঠা পর্যন্ত সৈতে ভাৰত দেশখনৰ সৈতে আছে।

Read More News :

প্রধানমন্ত্রীয়ে লগতে ভূমিকম্পত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰে। টাইৱানৰ পূব উপকূলত কালি পুৱা প্ৰচণ্ড ভূমিকম্পত কমেও ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৯০০ৰো অধিক লোক আহত হোৱাৰ ফলত অঞ্চলটোত চুনামীৰ সতর্কবাণী জাৰি কৰা হৈছে। টাইপেইৰ ভূকম্পবিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ৱু চিয়েন ফুৱে কৈছে, যে এই ভূমিকম্পৰ জোকাৰণি সমগ্ৰ টাইৱানৰ লগতে কাষৰীয়া দ্বীপসমূহতো অনুভূত হয় আৰু ই যোৱা ২৫ বছৰৰ ভিতৰত অঞ্চলটোত আটাইতকৈ বেছি প্রাবল্যৰ ভূমিকম্প।

অধিক পঢ়ক

সকলো চাওক