♦ টাইৱানত আজি সংঘটিত এটা ভূঁইকঁপৰ ঘটনাত কমেও ৭ গৰাকী লোকৰ প্রাণ হানি হোৱাৰ লগতে আন প্রায় ৭০০ গৰাকী লোক আহত হয়। এই বাতৰি যুগুতোৱাৰ পৰলৈ ভূমিকম্পৰ কবলত পৰা অঞ্চলসমূহত ভালেমান লোক আবদ্ধ হৈ পৰা বুলি দেশখনৰ প্ৰশাসনে প্রকাশ কৰিছে। দেশখনৰ পূব উপকূলত সংঘটিত বিখটাৰ স্কেলৰ ৭.৪ প্রাবল্যৰ এই ভূমিকম্পৰ ফলত অঞ্চলটোত ছুনামিৰ আশংকা প্ৰকাশ পাইছে।
Read More :
- পৰ্টুগালৰ প্রধানমন্ত্ৰীৰূপে নিৰ্বাচিত লুইছ মণ্টেনগ্ৰক প্রধানমন্ত্রীৰ অভিনন্দন
- দেশৰ ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আইন বলৱৎকাৰী সংস্থা সৈতে নির্বাচন আয়োগৰ বৈঠকৰ
টাইৱানৰ হুৱালিয়েন মহানগৰীৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দক্ষিণে ভূ-গৰ্ভৰ ৩৪.৮ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ অভিকেন্দ্ৰ ঠাৱৰ কৰা হৈছে। টাইপেইৰ ছিছম’ল’জী চেণ্টাৰৰ সঞ্চালক ৰু চিয়েন ফুৱে প্ৰকাশ কৰা মতে টাইৱানৰ সমগ্ৰ উপকূলীয় অঞ্চলত অনুভূত হোৱা এই ভূমিকম্পটো বিগত ২৫ টা বছৰৰ ভিতৰত সবাতোকৈ শক্তিশালী আছিল। ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ প্ৰাথমিক তথ্য অনুসৰি হুৱালিয়েন অঞ্চলৰ কেইবাটাও ভৱনৰ অংশবিশেষ ভাগি পৰাৰ লগতে আন ভালেমান ভৱন বিপজ্জনকভাৱে হাউলি পৰিছে। এই ভূমিকম্পৰ ফলত জাপানতো ছুনামি সম্পৰ্কীয় সতর্কতা জাৰি কৰা হৈছে। বাতৰিত প্ৰকাশ পোৱা মতে জাপানব সময় অনুসৰি আজি পুৱা প্ৰায় ৯ বাজি ১৮ মিনিটত য়’নাগুণী দ্বীপত ৩০ ছেণ্টিমিটাৰ উচ্চতাৰ ছুনামি পৰিলক্ষিত হয়। এনে প্ৰেক্ষাপটত পৰৱৰ্তী সময়ত মিয়াকোজিমা আৰু ওকিনাৱা দ্বীপকে ধৰি কোনো কোনো ঠাইত ৩ মিটাৰ পৰ্যন্ত উচ্চতাৰ টৌ আহিব পাৰে বুলি দেশখনৰ বতৰ বিজ্ঞানৰ সৈতে জড়িত সংস্থাই স্থানীয় বাসিন্দাসকলক সতৰ্ক কৰি দিছে।
একেদৰে ফিলিপাইনছতো ছুনামি সম্পৰ্কীয় সতর্কতা জাৰি কৰা হৈছে। আনহাতে চীনৰ দক্ষিণ- পূব অঞ্চলৰ ফুজিয়ান প্রদেশৰ ঠায়ে ঠায়ে আজি ভূমিকম্প অনুভূত হোৱা বুলি দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইপিনে টাইৱানত সংঘটিত ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত সহায়- সাহায্য তথা প্রয়োজনীয় তথ্যৰ বাবে ভাৰত- টাইপেই সংস্থাই জৰুৰী হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰিছে। এইক্ষেত্ৰত সংশ্লিষ্ট লোকসকলে 09052-47906 ফোন নম্বৰত যোগাযোগ কৰাৰ লগতে ad.ita@mea.gov.in ই-মেইল আই ডি ব্যৱহাৰ কৰিব পাৰিব। একে সময়তে টাইৱানত বসবাস কৰি থকা ভাৰতীয় নাগৰিকসকলক সংশ্লিষ্ট এলেকাসমূহৰ স্থানীয় কর্তৃপক্ষই প্ৰকাশ কৰা নীতি-নির্দেশনা তথা পৰামর্শসমূহ মানি চলিবলৈকো সংস্থাটোৱে অনুৰোধ জনাইছে।