October 17, 2025 8:12 PM

views 36

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। পৰীক্ষার্থীসকলে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট madhyamik.assam.gov.in ত তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। অহা ২৫ অক্টোবৰৰ ভিতৰত নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষক পদৰ ফলাফলসমূহো ঘোষণা কৰা হ'ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে।

May 29, 2025 1:07 PM

views 24

কাইলৈ ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত টেট পৰীক্ষাত লাভ কৰা নম্বৰসমূহ উপলব্ধ হ’ব

স্নাতকোত্তৰ শিক্ষক পদৰ বাবে যোৱা ১৯ জানুৱাৰীত অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাত লাভ কৰা নম্বৰসমূহ কাইলৈ দিনৰ ১১ বজাৰ পৰা ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত উপলব্ধ হ'ব। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক মমতা হোজায়ে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে ৱেবছাইটৰ পৰা নম্বৰসমূহ ডাউনলোড কৰিব পাৰিব। যিসকল প্রার্থী নথিপত্ৰ পৰীক্ষাৰ বাবে বাছনি হ'ব, তেওঁলোকে প্ৰৱেশ পত্ৰ ডাউনল'ড কৰিব পাৰিব। বাছনি হোৱা প্ৰাৰ্থীসকলে পৰৱৰ্ত্তী নিৰ্ধাৰিত তাৰিখ আৰু সময়ত নথি পৰীক্ষণত উপস্থিত থাকিব...