May 15, 2025 8:29 PM

views 75

অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৪ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ দ্বাৰা আয়োজিত ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। ৰাজ্যৰ ২০ টা কেন্দ্ৰৰ পৰা নিৰ্বাচিত হোৱা ৩৬০ গৰাকী অংশগ্ৰহণকাৰীৰ ভিতৰত ৰাজ্যিক পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাত ২১ গৰাকী অংশগ্ৰহণকাৰীক বিজয়ী ঘোষণা কৰা হয়। প্রতিযোগিতাত মুঠ ৬,২৫৩ গৰাকী প্রতিযোগীয়ে ভাগ লৈছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজয়ীসকলক অভিনন্দন জনোৱাৰ লগতে অংশগ্ৰহণকাৰীসকলকো শুভেচ্ছা জনায়।