May 16, 2025 11:42 AM

views 36

হীৰা ব্যৱসায়ী নীৰব মোদীৰ শেহতীয়া জামিন আৱেদন খাৰিজ লণ্ডনৰ উচ্চ ন্যায়ালয়ৰ

লণ্ডনৰ উচ্চ ন্যায়ালয়ে হীৰা ব্যৱসায়ী নীৰব মোদীৰ শেহতীয়া জামিন আৱেদন খাৰিজ কৰিছে। নীৰব মোদী সম্প্ৰতি লণ্ডনৰ কাৰাগাৰত বন্দী হৈ আছে। ১৩ হাজাৰ কোটি টকীয়া পঞ্জাব নেচনেল বেংক প্রৱঞ্চনা গোচৰত নীৰব মোদী আৰু তেওঁৰ মোমায়েক মেহুল চকছিক ভাৰতত বিচাৰি থকা হৈছে। নীৰব মোদীয়ে কালি লণ্ডনৰ আদালতত প্রত্যর্পণ আৱেদন সন্দৰ্ভত ৰায় নিদিয়ালৈকে জামিনত মুকলি কৰি দিবলৈ অনুৰোধ জনাইছিল।