April 23, 2025 7:02 PM April 23, 2025 7:02 PM

views 25

যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন

সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজি যোৰহাট নির্বাচনী জিলা দ্বিতীয় পৰ্যায়ৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। প্রশিক্ষকসকলে নিৰ্বাচনৰ নীতি-নির্দেশনা তথা বেলট বাকচ ব্যৱহাৰ সন্দৰ্ভত প্রশিক্ষণ দিয়ে। এই প্রশিক্ষণ কার্যসূচীতে প্রথম পৰ্যায়ত প্ৰশিক্ষণ ল'বলৈ বাদ পৰি ৰোৱা প্রিজাইডিং আৰু প’লিং বিষয়াসকলকো অন্তৰ্ভুক্ত কৰা হয় ৷ ডিব্ৰুগড় জিলাত পঞ্চায়ত নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত বিক্ৰম কৈ...

March 30, 2025 2:13 PM March 30, 2025 2:13 PM

views 22

যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰে’লৱে উৰন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ

যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰে'লৱে উৰন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰিব। উৰণ সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট মিছন হাস্পতালৰ সমীপত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ কথা। সেই উদ্দেশ্য কালি যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে সেতুখন পৰিদৰ্শন কৰি অন্তিম পৰ্যায়ৰ কামকাজ সন্দৰ্ভত বুজ লোৱাৰ লগতে সভাস্থলী পৰিদৰ্শন কৰে।

March 21, 2025 7:56 PM March 21, 2025 7:56 PM

views 6

যোৰহাট জিলাআয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত

যোৰহাট জিলাআয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ বিশিষ্ট নাগৰিকসকললৈ প্ৰেৰণ কৰা বিহু শুভেচ্ছা বিতৰণ সন্দৰ্ভত আৰু সমাগত পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন দিশ সম্পর্কে বিতংভাৱে আলোচনা কৰা হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি সন্দৰ্ভতো জিলা আয়ুক্তগৰাকীয়ে বিষয়াসকলৰ সৈতে পর্যালোচনা কৰে। জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অতিৰিক্ত জিলা আয়ুক্ত সহ আন আন প্রশাসনীয় বিষয়াস...

March 6, 2025 7:58 PM March 6, 2025 7:58 PM

views 8

যোৰহাটত কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ১৮৭৭ চনত ইংৰাজৰ আমোলত আৰম্ভ হোৱা এই আকর্ষণীয় প্ৰতিযোগিতাখনৰ ১৪২ সংখ্যক সংস্কৰণৰ লগত সংগতি ৰাখি টেনিছ, গল্ফ আদি খেলো অনুষ্ঠিত কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। যোৰহাট জিমখানা ক্লাবৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজিত এই প্রতিযোগিতাত এইবাৰ ডিব্ৰুগড়ৰ এটা অশ্বাৰোহী দলে ঘোঁৰা দৌৰৰ বিভিন্ন পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে এই ঘোঁৰা দৌৰৰ লগত সংলগ্ন গভনৰ্ছ কাপ হৈছে অসমৰ ৰাজ্যপালে প্ৰতিবছৰে প্ৰদান কৰা প্ৰধান বঁটা। যোৰহাটৰ ঘোঁ...

February 17, 2025 6:16 PM February 17, 2025 6:16 PM

views 18

তিতাবৰৰ ঐতিহাসিক ধলি পথাৰত ১৪ মাৰ্চৰ পৰা ৩ দিনীয়াকৈ তৃতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব

অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত, ভাৰতীয় চলচ্চিত্র মহাসংঘৰ সহযোগত আৰু ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আতিথ্যত অহা ১৪ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ তিতাবৰৰ ঐতিহাসিক ধলি পথাৰত তৃতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। কালি এই মহোৎসৱৰ ঘাইখুঁটা স্থাপন অনুষ্ঠান সম্পন্ন হয়। এই মহোৎসৱৰ প্ৰতিদিনে কমেও ৮ খনকৈ চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি অনুষ্ঠানৰ অংশ হিচাপে চলচ্চিত্র সম্পর্কীয় বিশেষ পাঠদান, কৰ্মশালাকে ধৰি কেইবাটাও কাৰ্যসূচী লোৱা হৈছে।

February 8, 2025 1:33 PM February 8, 2025 1:33 PM

views 13

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি তৃতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ আয়োজন

যোৰহাটৰ ম'হবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি তৃতীয় দিনা নাম-প্ৰসংগ, মুকলি সভা, সাংস্কৃতিক শোভাযাত্ৰা আদিকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। পৰিৱেশ নিকাকৰণ আৰু প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হোৱা আজিৰ কাৰ্যসূচীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই অধিৱেশনৰ ধৰ্মধবজা উত্তোলন কৰে। ইয়াৰ পাছত ভাগৱত ভ্ৰমণ আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰ...

February 7, 2025 6:42 PM February 7, 2025 6:42 PM

views 11

যোৰহাটত ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাইজৰ জীৱিকাৰ বাবে বাঁহ সম্পদৰ বিকাশ শীৰ্ষক প্ৰশিক্ষণ কর্মশালাৰ আজি সামৰণি

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাইজৰ জীৱিকাৰ বাবে বাঁহ সম্পদৰ বিকাশ শীৰ্ষক প্ৰশিক্ষণ কর্মশালাৰ আজি সামৰণি পৰে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ অৰ্থ সাহায্যত অনুষ্ঠিত এই প্ৰশিক্ষণত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কৃষি, মীন, ভূমি সংৰক্ষণ, পর্যটন আদি বিভাগ তথা বিভিন্ন প্ৰতিষ্ঠানৰ মুঠ ২৪ গৰাকী বিষয়াই অংশগ্ৰহণ কৰে। এই কৰ্মশালাত দেশৰ বাঁহ উৎপাদন খণ্ডত আলোকপাত কৰাৰ লগতে বাঁহৰ আনুবংশিক উন্নয়ন ব্যৱস্থা, জীৱিকাৰ বাবে বাঁহ, বাঁহ খেতিৰ জড়িয়তে খনিৰ ...

February 7, 2025 6:30 PM February 7, 2025 6:30 PM

views 11

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনৰ মুকলি সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা মুকলি সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ভকত-বৈষ্ণৱসকলক আধ্যাত্মিকতাৰ লগতে গুৰুজনাৰ বৌদ্ধিক আৰু সাংস্কৃতিক আন্দোলনক আগবঢ়াই নিবলৈ আহ্বান জনায়। অধিৱেশনত আজি পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণ, প্ৰাতঃপ্ৰসংগ আৰু নাম প্ৰসংগৰে কাৰ্যসূচী অনুষ্ঠিত হয়। কাইলৈ পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পতা...

January 30, 2025 2:17 PM January 30, 2025 2:17 PM

views 5

অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনখন অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ যোৰহাটৰ ম'হবন্ধা এৰালতলী পথাৰত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে। এৰালতলী পথাৰত প্ৰায় ১২ হাজাৰ বিঘা ভূমি আৱৰি নিৰ্মাণ কৰা অধিৱেশনস্থলীত আদৰণি সমিতিয়ে অধিৱেশনৰ প্ৰস্তুতি চলাইছে।

January 25, 2025 7:56 PM January 25, 2025 7:56 PM

views 6

যোৰহাটত ১৭ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা আয়োজন

গুৱাহাটী জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ক্রীড়া সন্থাৰ সহযোগত এইবাৰ যোৰহাটত ১৭ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা আয়োজন কৰা হৈছে। যোৰহাট ষ্টেডিয়ামত ২৯ জানুৱাৰীৰ পৰা হ'বলগীয়া প্ৰতিযোগিতাখনত আঠটা দলে অংশগ্রহণ কৰিব। অংশগ্ৰহণকাৰী দলসমূহৰ হ'ল- যোৰহাট টাউন ক্লাৱ, বৰপেটা স্পোর্টছ ক্লাৱ, ভিক্টৰিয়া ক্লাৱ, নেপথ্য ক্লাৱ, ৰণজিৎ ক্লাৱ, গোহাই টেকেলা ফুটবল ক্লাৱ, ৰমাকান্ত ফুটবল ক্লাৱ আৰু অল ষ্টাৰ ক্লাৱ।