March 26, 2025 1:28 PM March 26, 2025 1:28 PM
6
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিশেষ দূত জুলী বিছ’পৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিশেষ দূত জুলী বিছ'পৰ সৈতে বৈঠকত মিলিত হৈ ম্যানমাৰৰ দ্ৰুত পৰিৱৰ্তিত পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। জুলী বিছ’প বৰ্তমান ভাৰত ভ্ৰমণলৈ আহিছে। যোৱা বছৰৰ এপ্ৰিলত ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ' গুটেৰেচে বিছ'পক ম্যানমাৰত তেওঁৰ বিশেষ দূত হিচাপে নিয়োগ কৰিছিল। উল্লেখযোগ্য যে ম্যানমাৰত ২০২১ চনৰ ফেব্ৰুৱাৰীত সামৰিক শাসন আৰম্ভৰ হোৱাৰ পিছৰে পৰা গণতান্ত্ৰিক ব্যৱস্থা পুনৰ ঘূৰাই অনাৰ দাবীত বিভিন্ন হিংসাত্মক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ...