December 3, 2025 12:09 PM December 3, 2025 12:09 PM
6
কাছাৰত আন্তঃৰাষ্ট্ৰীয় মাদকদ্রব্য সৰবৰাহকাৰী চক্র উৎখাত
গুৱাহাটীৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাই কাছাৰত কালি এটা আন্তঃৰাষ্ট্ৰীয় মাদকদ্রব্য সৰবৰাহকাৰী চক্রক উৎখাত কৰে। সংস্থাৰ এটা দলে শিলচৰৰ সমীপৰ বৰাক নদীত অভিযান চলাই এখন নাৱৰ পৰা প্ৰায় ৬ কিলোগ্রাম হেৰোইন জব্দ কৰে। হেৰোইনখিনিৰ মূল্য ১২.৫০ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। ঘটনা সন্দৰ্ভত লখিমপুৰৰ জেকব হামাৰ আৰু মেলদি হামাৰ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।