টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ভাৰতে আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱানিশা গায়ানাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৭১ ৰান কৰে। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই ৩৯ টা বলত সৰ্বাধিক ৫৭ ৰান কৰাৰ বিপৰীতে সূর্যকুমাৰ যাদবে ৩৬টা বলত ৪৭ আৰু হার্ডিক পাণ্ডিয়াই ১৩ বলত ২৩ ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ ক্ৰিছ জর্ডানে ৩টা উইকেট দখল কৰে। ৰীচি টোপলে, জোফ্রা আৰ্চাৰ, ছেম কুৰেন আৰু আদিল ৰাচিদে এটাকৈ উইকেট অৰ্জন কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে ১৬ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১০৩ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইংলেণ্ডৰ হৈ হেৰি ব্ৰুকে ১৯ টা বলত ২৫ ৰান কৰে। ভাৰতৰ কুলদ্বীপ যাদৱ আৰু অক্ষৰ পেটেলে ৩টাকৈ উইকেট দখল কৰে। যশপ্রীত বুমৰাহে দুটা উইকেট লাভ কৰে। অক্ষৰ পেটেলক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰত কাইলৈ বাৰবাডোছত হ’বলগীয়া ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতে এইবাৰকে ধৰি তৃতীয়বাৰৰ বাবে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক