টি-২০ বিশ্বকাপত আজি নিশা ৮ বজাত ভাৰত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

নিউয়ৰ্কৰ নাছাউকাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ভাৰত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব। দুয়োটা দল প্রতিযোগিতাত বৰ্তমানলৈ এখনো খেলত পৰাজিত হোৱা নাই। ভাৰতে পাকিস্তান আৰু আয়ৰলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে আমেৰিকাই কানাডা আৰু পাকিস্তানক পৰাভূত কৰিছে। ভাৰত উন্নত ৰাণ ৰেটৰ ভিত্তিত গ্ৰুপৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। আনহাতে আমেৰিকা দ্বিতীয় স্থানত আছে। এন্টিগুৱাত অনুষ্ঠিত প্রতিযোগিতাৰ আন এখন খেলত অস্ট্রেলিয়াই নামিবিয়াক ৯ উইকেটত পৰাস্ত কৰে। খেলখনত নামিবিয়াই প্রথমে বেট ধৰি ১৭ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৭২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ৫ অ’ভাৰ চাৰিটা বলত এটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। আনহাতে, ফ্লৰিডাত শ্রীলংকা আৰু নেপালৰ মাজত হ’বলগীয়া খেলখন এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হৈছে। ইপিনে, পাকিস্তানে যোৱা নিশা নিউয়ৰ্কৰ নাছাউকাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কানাডাক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত পাকিস্তানে ১০৭ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অ’ভাৰ আৰু তিনিটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হয়। পাকিস্তানৰ মহম্মদ ৰিজৱানে ৫৩ আৰু বাবৰ আজমে ৩৩ ৰাণ কৰে। ইয়াৰ পূৰ্বে কানাডাই প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১০৬ ৰাণ কৰে। কানাডাৰ অ’পেনাৰ এৰন জনছনে ৪৪টা বলত ৫২ ৰাণ কৰে। পাকিস্তানৰ হৈ মহম্মদ আমিৰ আৰু হাৰিছ ৰউফে দুটাকৈ উইকেট লাভ কৰে। আমিৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক