আই পি এলঃ বৰ্ষাপাৰাত টি-২০ খেলৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ হ’বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ টি-২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়তৰ সুবিধা হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নি নিৰ্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসাৰে কাইলৈ দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটী মহানগৰী অংশত গধূৰ যান-বাহন আৰু বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। কাইলৈ গুৱাহাটীৰ আৰ্য নগৰৰ পৰা লখৰা চাৰিআলিলৈ যোৱা পথটো দিনৰ ৩ বজাৰ পৰা ৱানৱে হৈ পৰিব। লালগণেশ তিনিআলি অঞ্চলৰ পৰা খেলৰ কাৰ পাছ থকা বাহনকহে বৰ্ষাপাৰালৈ চলাচলৰ অনুমতি প্ৰদান কৰা হ’ব। আনহাতে বর্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈও পথছোৱা ৱানৱে হৈ পৰিব আৰু খেলৰ কাৰ পাছ থকা বাহনেহে চলাচলৰ অনুমতি পাব। অৱশ্যে স্থানীয় বাসিন্দাৰ বাহন আৰু জৰুৰীকালীন সেৱাৰ বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহয়।

অধিক পঢ়ক

সকলো চাওক