নিউয়র্কত নিশা ৮ বজাত আই চি চি টি-২০ বিশ্বকাপৰত ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰতীয় ক্রিকেট দলে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আয়োজিত হোৱা আই চি চি টি-২০ বিশ্বকাপৰ একমাত্র অনুশীলন খেলখনত আজি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। নিউয়র্কত নিশা ৮ বজাৰ পৰা এই খেলখন আৰম্ভ হ’ব। উল্লেখযোগ্য যে বোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলে অহা ৫ জুনত নিউয়র্কতে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি বিশ্বকাপত অভিযান আৰম্ভ কৰিব। আনহাতে অহা ৯ জুনত ভাবতে পাকিস্তানৰ বিৰুদ্ধে তথা ১২ জুনত আমেৰিকা আৰু ১৫ জুনত কানাডাৰ বিৰুদ্ধে গ্ৰুপৰ খেলত অংশ ল’ব।

অধিক পঢ়ক

সকলো চাওক