পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ বাবে জিম্বাব’ৱেলৈ ৰাওনা শুভমন গিলৰ নেতৃত্বত ভাৰতৰ পুৰুষ ক্রিকেট দল

শুভমন গিলৰ নেতৃত্বত ভাৰতৰ পুৰুষ ক্রিকেট দলটোৱে অহা ৬ৰ পৰা ১৪ জুলাইলৈ জিম্বাব’ৱেৰ বিৰুদ্ধে হ’বলগীয়া পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ বাবে জিম্বাব’ৱেলৈ ৰাওনা হৈছে। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পৰ্টছ ক্লাব খেলপথাৰত অনুষ্ঠিত হ’ব। সদ্য সমাপ্ত টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে যোৱা তথা জিম্বাব’ৱেৰ শৃংখলাৰ বাবে পূৰ্বঘোষিত ১৫ জনীয়া ভাৰতীয় দলৰ তিনিগৰাকী সদস্য ৱেষ্ট ইণ্ডিঞ্জৰ বাৰবাডোছত ঘূৰ্ণীবতাহৰ বাবে আবদ্ধ হৈ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে প্রথম দুখন খেলৰ বাবে সঞ্জু ছেমছন, শিৱম ডুবে আৰু যশস্বী জয়ছোৱালৰ ঠাইত তিনিগৰাকী বিকল্প খেলুৱৈ ছাই সুদৰ্শন, জিতেশ শৰ্মা আৰু হৰ্ষিত ৰানাক দলত অন্তৰ্ভুক্ত কৰিছে। উল্লেখযোগ্য যে ভাৰতীয় দলটোত ধ্ৰুৱ জুৰেল, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণুইৰ দৰে যুৱ খেলুৱৈসকলে স্থান লাভ কৰিছে। দলটোৰ সৈতে ভি ভি এছ লক্ষ্মণে প্রশিক্ষকৰূপে যাত্ৰা কৰিছে। আনহাতে ঘৰুৱা দল জিম্বাব’ৱেও শৃংখলাটোৰ বাবে ১৭ জনীয়া দলটোৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। জ্যেষ্ঠ খেলুৱৈ তথা বেটছমেন ছিকন্দ্ৰৰ ৰাজাক যুৱ দলটোৰ অধিনায়কৰ দায়িত্ব অর্পণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক