টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতে আজি আয়ৰলেণ্ডৰ বিৰুদ্ধে খেলি নিজৰ অভিযান আৰম্ভ কৰিব। নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ’বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা বজাত আৰম্ভ হ’ব ৷ প্ৰতিযোগিতাৰ যোৱা নিশা ডলাছত অনুষ্ঠিত এখন খেলত নেডাৰলেণ্ডছে নেপালক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত নেপালে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ১৯ অভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১০৬ ৰাণ সংগ্ৰহ কৰে। নেডাৰলেণ্ডছৰ হৈ টিম প্রিংগল আৰু লোগান ৱেন বীকে তিনিটাকৈ উইকেট দখল কৰে। নেপালৰ হৈ অধিনায়ক ৰোহিতে ৩৭টা বলত ৩৫ ৰাণ কৰে। প্ৰত্যুত্তৰত নেডাৰলেণ্ডছে ১৮ অভাৰ আৰু ৪টা বলত চাৰিটা উইকেটৰ বিনিময়ত ১০৯ ৰাণ কৰে। প্রিংগলক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজৰ ব্ৰীজটাউন কেন্সিংটনৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয় ৷
Site Admin | June 5, 2024 12:07 PM | t-20 world cup