নিউয়ৰ্কৰ নাচাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত আজি ভাৰত-পাকিস্তানৰ সন্মুখীন হৈছে। টছত জয়লাভ কৰি পাকিস্তানে প্ৰথমে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। উল্লেখযোগ্য যে, ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলে নিজৰ প্ৰথমখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত কৰাৰ বিপৰীতে পাকিস্তানৰ দলটো প্ৰথমখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত ৫ ৰানত পৰাজিত হৈছে। আনহাতে, এনটিগুৱাৰ নৰ্থ চাউণ্ডত হ’বলগীয়া প্ৰতিযোগিতাৰ আজিৰ আন এখন খেলত ওমান স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে দহ বজাত আৰম্ভ হ’ব। ইপিনে, ৱেষ্ট ইণ্ডিজে গায়ানাৰ প্রভিডেন্স ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইতিমধ্যে উগান্দাক ১৩৪ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। উগান্দাই ১৭৪ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৩৯ ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৱেষ্ট ইণ্ডিজৰ হৈ অকিল হোছিনে ৫ টা উইকেট দখল কৰে ।
Site Admin | June 9, 2024 8:17 PM | T-20 cricket
টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত গ্ৰুপ এৰ দ্বিতীয়খন খেলত আজি ভাৰত-পাকিস্তানৰ মুখামুখি
