October 8, 2024 12:05 PM | T-20 cricket

printer

টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কাইলৈ ভাৰত বাংলাদেশৰ মুখামুখি

ভাৰতীয় পুৰুষ ক্রিকেট দলটো চলিত টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কাইলৈ বাংলাদেশৰ মুখামুখি হ’ব। খেলখন নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটো ইতিমধ্যে তিনিখন খেলৰ শৃংখলাত ১-০ ফলাফলেৰে আগবাঢ়ি আছে। দেওবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে আলহী দলটোৰ বিৰুদ্ধে ৭ উইকেটত বিজয় সাব্যস্ত কৰিছিল।

অধিক পঢ়ক

সকলো চাওক