July 2, 2024 1:01 PM | t-20

printer

অহা ৬ৰ পৰা ১৪ জুলাইলৈ জিম্বাবুৱেৰ বিৰুদ্ধে পাঁচখনীয়া টি-টুৱেণ্টি ক্ৰিকেট শৃংখলাত ভাৰতৰ অংশগ্ৰহণ

ভাৰতৰ পুৰুষ ক্রিকেট দলটো অহা ৬ৰ পৰা ১৪ জুলাইলৈ জিম্বাবুৱেৰ বিৰুদ্ধে হ’বলগীয়া পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পৰ্টছ ক্লাব খেলপথাৰত অনুষ্ঠিত হ’ব। ঘৰুৱা দলটোৱেও শৃংখলাৰ বাবে ১৭ জনীয়া দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। জ্যেষ্ঠ খেলুৱৈ তথা বেটছমেন ছিকন্দ্ৰৰ ৰাজাক যুৱ দলটোৰ অধিনায়কৰ দায়িত্ব অর্পণ কৰা হৈছে। ভাৰতে ইতিমধ্যে শৃংখলাত অংশগ্রহণ কৰিবলগীয়া ১৫ জনীয়া দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। শুভমন গিলে ধ্ৰুৱ জুৰেল, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণুইৰ দৰে খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব বহন কৰিব। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ- বিচিচিআইৰ সচিব জয় শ্বাহে কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আসন্ন শৃংখলাটোৰ বাবে ভি ভি এছ লক্ষ্মণ ভাৰতীয় দলৰ সৈতে প্ৰশিক্ষক হিচাপে জিম্বাবুৱেত থাকিব যদিও নতুন প্রশিক্ষকে শ্রীলংকাৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাৰ পৰাহে ভাৰতীয় দলত যোগ দিব। তেওঁ লগতে কয় যে, অতি সোনকালে ভাৰতীয় দলৰ প্ৰশিক্ষক আৰু নিৰ্বাচকক নিযুক্তি দিয়া হ’ব।

অধিক পঢ়ক

সকলো চাওক